1.The Opening

  1. (আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
  2. সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে
  3. যিজন পৰম কৰুণাময়, পৰম দয়ালু
  4. বিচাৰ দিৱসৰ মালিক
  5. আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ
  6. আমাক সৰল পথৰ হিদায়ত দিয়া
  7. তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয়